Type Here to Get Search Results !

Important Guidelines For: Re-Opening of Educational Institution continues both for Government and Private Schools.

 অসম চৰকাৰ

শিক্ষা বিভাগ,

অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা ১জানুৱাৰী ২০২১ ৰ পৰা বিদ‌্যালয়সমুহ খোলাৰ কথা চিন্তা কৰি নিদ্দিষ্ট মান তথা প্ৰচালন প্ৰক্ৰিয়া (SOP) প্ৰস্তুত কৰি নিম্নোক্ত নিৰ্দেশাৱলী সমুহ সকলোৰে জ্ঞাতাৰ্থে জনোৱা হ'ল:



🌑 বিদ্যালয়/মহাবিদ্যালয় সমুহৰ বাবে নিৰ্দিষ্ট মান তথা প্ৰচালন প্ৰক্ৰিয়া (sop) ৰ নিৰ্দেশাৱলীসমুহ হ'ল:

👉 ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমুহ (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ) অহা ১ জানুৱাৰী ২০২১ ৰ পৰা নিয়মীয়াকৈ খুলিব|

👉 ৫ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয় ত উপস্থিত থাকিব নোৱাৰিব|

👉 নিৰ্দিষ্ট মান তথা প্ৰচালন প্ৰক্ৰিয়া (Sop) ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান সমুহৰ বাবে ও প্ৰযোজ্য হ'ব|

👉 চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণীৰ পাঠদান প্ৰতি সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে অনুষ্ঠিত হ'ব।

👉 প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান প্ৰতি মঙ্গলবাৰ , বৃহস্পতি বাৰ আৰু শনিবাৰে অনুষ্ঠিত হ'ব।

👉 প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান ৰাতিপুৱা ৯ বজাৰ পৰা ১:৪৫ লৈ অনুষ্ঠিত হ'ব। তাৰ মাজতে দুপৰীয়া আহাৰ ৰ সময় ১২:১৫ পৰা ১২:৪৫ লৈকে হ'ব।

👉 নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ছাত্ৰাবাস আৰু ছাত্ৰী নিবাস সমুহ পৰবৰ্তী জাননী নিদিয়ালৈকে বন্ধ থাকিব।

👉 প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৰ উপস্থিতি বাধ্যতামূলক নহয়।ই অভিভাৱকৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব।

👉 উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক, আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়(চৰকাৰী/বেচৰকাৰী) সমুহ নিয়মিয়াভাৱে সকলো কৰ্মদিনত চলি থাকিব।

👉 কেৱল চুড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী ৰ বাহিৰে ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস সমুহ বন্ধ থাকিব।

👉 উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবেও উপস্থিতি বাধ্যতামূলক নহয়। ই অভিভাৱকৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব।

👉 আনুষ্ঠানিক পাঠদান ৰ ওপৰিও অনলাইন অৰ জৰিয়তে শিক্ষাদান প্ৰক্ৰিয়া প্ৰয়োজন সাপেক্ষে অব্যাহত থাকিব।

👉 আনুষ্ঠানিক আৰু অনানুষ্ঠানিক কোনো ধৰণৰ সভা , সাংস্কৃতিক অনুষ্ঠান আদি বিদ্যালয়ৰ ভিতৰত অনুষ্ঠিত কৰাৰ অনুমতি দিয়া নহ'ব।

👉 নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অনাশিক্ষক কৰ্মচাৰী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকাই বিদ্যালয় খোলাৰ পূৰ্বে আৰু.এ.টি টেষ্ট কৰিব লাগিব।

👉 শিক্ষক-শিক্ষয়িত্ৰী , অনাশিক্ষক কৰ্মচাৰী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকাই প্ৰতি ৩০ দিনৰ মূৰত কভি'ড পৰীক্ষা কৰাটো বাধ্যতামূলক।

👉 মহাবিদ্যালয়, কাৰিকৰী প্ৰতিষ্ঠান , শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় , বিশ্ববিদ্যালয় সমূহ নিয়মীয়া ভাবে শিক্ষাপণ্জী ,ইউ.জি. চি/ এই.আই.চি.টি.ইৰ নিৰ্দেশাৱলী মতে চলি থাকিব।

👉 বিদ্যালয়ৰ লগত জড়িত সংশ্লিষ্ট বিষয়ববীয়া /বিদ্যালয়ৰ প্ৰধানে পাঠদান ৰ সময়সূচী , দুপৰীয়া আহাৰৰ বিতৰণ , কভি'ড -১৯ মহামাৰীৰ নিৰাপত্তাৰ পালনৰ নিয়মীয়া পৰ্যবেক্ষণ কৰিব । যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই তেওঁ লোকৰ ফুড চিকিউৰিটি এলাউণ্ছ নিৰ্দিষ্ট নিয়মাৱলী মতে প্ৰদান কৰিব।

👉 প্ৰত্যেক সপ্তাহৰ দেওবাৰে বিদ্যালয় /শিক্ষানুষ্ঠান সমুহ চেনিটাইজ কৰাটো বাধ্যতামূলক।

👉 জিলাৰ উপায়ুক্ত , জিলা প্ৰাথমিক শিক্ষা বিষয়া , বিদ্যালয় সমূহৰ পৰিদৰ্শক , খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ সহযোগত বিদ্যালয় সমূহ চেনিটাইজ কৰোৱাটো বাধ্যতামূলক।

👉 কভি'ড -১৯ সংক্ৰান্তীয় সজাগতাক লৈ প্ৰতি দেওবাৰে শিক্ষা প্ৰতিষ্ঠানৰ মূৰব্বী , গাঁওবুঢ়া , অভিভাৱক বেচৰকাৰী সংস্থাৰ মাজত কভি'ড -১৯ ৰ সতৰ্কতা , সামাজিক দূৰত্ব , স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচন্নতা ,যোগ ধ্যান ইত্যাদি বিষয়ৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰিব লাগিব।

👉 কন্টেনমেন্ট অঞ্চলত থকা বিদ্যালয় সমূহ পৰবৰ্তী নিৰ্দেশাৱলী নিদিয়ালৈকে বন্ধ থাকিব।

👉 ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত মাস্ক ব্যৱহাৰ ,চেনিটাইজেচন , নূন্যতম ৬ ফুট শাৰীৰিক দূৰত্ব বজাই ৰখাটো বাঞ্ছনীয়।

👉 যদি কোনো ছাত্ৰ-ছাত্ৰী বা শিক্ষক-শিক্ষয়িত্ৰী কভি'ড পজিটিভ হয় তেন্তে জিলা প্ৰশাসন আৰু বিদ্যালয় পৰিচালনা সমিতিৰ যুটিয়া সহযোগত সকলো ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ পুনৰ কভি'ড পৰীক্ষা কৰাটো বাধ্যতামূলক।

👉 যদি কোনো ছাত্ৰ-ছাত্ৰী বা শিক্ষক-শিক্ষয়িত্ৰী কোৱাৰেন্টাইন হৈ ঘূৰি আহে তেন্তে তেওঁ লোকে মেডিকেল ফিটনেছ চাৰ্টিফিকেট জমা দিয়াটো বাধ্যতামূলক।

👉 যদি কোনো বিদ্যালয়ত বহু কেইজন কভি'ড পজিটিভ ৰোগী ওলায় , তেতিয়া বিদ্যালয় খন ৭ দিন বন্ধ থকাৰ লগতে জিলা প্ৰশাসনৰ অনুমতি লৈহে খুলিব পাৰিব আৰু অনুষ্ঠানটি পুনৰ সম্পূৰ্ণৰূপে চেনিটাইজ কৰাটো বাধ্যতামূলক.\ ্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্


👉 শ্ৰেণীকোঠা ,শৌচালয় আৰু বিদ্যালয় চৌহদ নিয়মিতভাৱে পৰিষ্কাৰ আৰু বিজাণুমুক্ত কৰিব লাগিব।

👉 হাত ধোৱাৰ বাবে চাবোন আৰু পানীৰ ব্যৱস্থা থাকিব লাগিব ।

👉 শ্ৰেণীকোঠা , মধ্যাহ্ন ভোজন কোঠা আদিত সামাজিক দূৰত্ব মানি চলিব লাগিব।

👉 থাৰ্মো স্কেনাৰৰ জৰিয়তে সকলো শিক্ষক -শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ শৰীৰৰ তাপমাত্ৰা নিৰীক্ষণ কৰিব লাগিব।

👉 জ্বৰ, কাহ বা কোনো ধৰণৰ শাৰিৰীক অসুস্থতাই দেখা দিলে শীঘ্ৰে ওচৰৰ স্বাস্থ্যকেন্দৰ লগত যোগাযোগ কৰিব।

👉 স্কুল বাছসমূহত এক তৃতীয়াংশ ছাত্ৰ-ছাত্ৰীক হে আনিব পাৰিব । লগতে প্ৰতিদিনে ২বাৰকৈ বাছ সমূহ চেনিটাইজ কৰাটো বাধ্যতামূলক।

👉 যদি কোনো শিক্ষা প্ৰতিষ্ঠানত পানী যোগানৰ ব্যৱস্থা নাথাকে তেনে প্ৰতিষ্ঠান ১ জানুৱাৰী ২০২১ ত খোলাটো বাধ্যতামূলক নহয় । জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষেহে তেনে প্ৰতিষ্ঠান খুলিব পাৰিব।

👉 জিলা উপায়ুক্তক সভাপতি তথা জিলাৰ সংশ্লিষ্ট বিভাগ সমূহৰ মূৰব্বী সকলক সদস্য হিচাপে লৈ জিলা পৰ্যায়ত টাস্কফ'ৰ্চ গঠন কৰা হ'ব।

👉 অভিভাৱকৰ অনুমতি পত্ৰ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয় /মহাবিদ্যালয় সমূহত জমা দিব লাগিব।

IMPORTANT FOR STUDENT

SHARE THIS GUIDELINES👆👆

{উক্ত নিৰ্দিষ্ট মান তথা প্ৰচালন প্ৰক্ৰিয়া (SOP) ৰ নিৰ্দেশাৱলী খন www.ssa.assam.gov.in ত উপলব্ধ}

শিক্ষা বিভাগ

অসম চৰকাৰ

Join our Whats App Group: CLICK HERE.







Post a Comment

0 Comments