Type Here to Get Search Results !

ৰাজ্যত আজিৰে পৰা বলবৎ নতুন SOP - কি কি আছে নতুন SOP ত এতিয়াই চাওঁক (New SOP 2021)

ৰাজ্যত আজিৰে পৰা বলবৎ নতুন SOP



কি কি আছে নতুন SOP ত -


  • ৰাজ্য চৰকাৰে শেহতীয়াকৈ কভিডৰ ওপৰত লক্ষ্য ৰাখি ৰাজ্যত জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা । এই নিৰ্দেশনা অনুসৰি ৰাজ্যৰ কেইবাখনো জিলাত শিথিলতা অনাৰ লগতে কেইবাখনো জিলাক কঠোৰ হোৱাৰ পৰামৰ্শ দিয়ে। জাৰি কৰা নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলাত দিনৰ ২ বজাৰ পৰা আৰম্ভ হ'ব সান্ধ্য আইন আৰু সমাপ্তি হ'ব পুৱা ৫ বজাত ।

  •  কভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি : দক্ষিণ শালমাৰা, চিৰাং, মাজুলী, বঙাইগাঁও, ওদালগুৰি, আৰু পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সান্ধ্য আইন শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

  • ইয়াৰ বিপৰীতে কাছাৰ, ডিব্ৰুগড় , তিনিচুকীয়া, শোণিতপুৰ, আৰু নগাঁওৰ কভিড পৰিস্থিতি অলপো উন্নত নোহোৱাৰ বাবে পূৰ্বৰ নিৰ্দেশনা কে মানি চলিবলৈ প্ৰশাসনে অনুমতি দিয়ে।এই জিলাসমূহত নতুন নিৰ্দেশনা নিদিয়া পৰ্যন্ত দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব।

  • অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱাৰ সৈতে জড়িত ব্যক্তিৰ ক্ষেত্ৰত কোনো নিশেধাজ্ঞা নাথাকিব।

  • কভিড ভেকচিনৰ ২টাকৈ ড'জ লোৱা সকলো চৰকাৰী কৰ্মচাৰী কাৰ্যালয়ত থকাটো বাঞ্চনীয়। সন্তান সম্ভবা মহিলা অন্যথা ৫বছৰৰ তলৰ সন্তানৰ মাতৃ সকলে ঘৰৰ পৰাই কৰিব পাৰিব কাৰ্যালয়ৰ কাম-কাজৰ সমুহ।

  • আনহাতে পৰিবহন নিগমতো এতিয়াৰে পৰা সকলো বাহনত ১০০% ই যাত্ৰী ভ্ৰমণ কৰিব পাৰিব|

  • কিন্তু যাত্ৰীসকলে মাস্ক আৰু কভিডৰ বাবে ল'বলগীয়া সাবধানতা পালন কৰিব লাগিব। পৰবৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত আন্ত:  জিলা যাতায়ত বন্ধ থাকিব।

  • বিবাহ বা অন্য ধৰ্মীয় অনুষ্ঠানত ১০ জনতকৈ অধিক লোকৰ সমাগমত বাধা আৰোপ কৰা হৈছে। শেষকৃত্যৰ কাৰ্যসূচীত ১০ জনতকৈ অধিক লোক যাব নোৱাৰিব।

  • পৰবৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত হাট- বজাৰ সমূহো বন্ধ থাকিব।

  • চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহে ভাৰ্চুৱেলী বাবেই পাঠদান অব্যাহত ৰখাৰ পৰামৰ্শ দিছে ৰাজ্য চৰকাৰে। নতুন নিৰ্দেশনা নিদিয়া পৰ্যন্ত স্কুল- কলেজ সকলো বন্ধ থাকিব।

  • ৰাজহুৱা ঠাইত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। লগতে সকলো দোকানীয়ে মাস্ক পিন্ধাৰ লগতে হেণ্ড গ্লোভছ আৰু সামাজিক দূৰত্ব মানি চলিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।

Important Guidelines Provides by Assam Government For Yesterday [New SOP 2021]



Post a Comment

0 Comments